September 12, 2026 5:38 PM

views 29

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা বিজেপিৰ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শর্মাই কেইদিনমান পূর্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ বাবে এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই-এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া নগাঁও লোকস...

January 6, 2026 7:39 AM

views 79

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকণ কৰা হ'ব। ইয়াৰ ফলত গণ-সংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা...

January 4, 2026 8:58 PM

views 46

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা মন্তব্য

অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয়, যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতি গঠন কৰা হৈছে। তেওঁ লগতে ৰাজ্যজুৰি হ'বলগীয়া দেৱাল লিখন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয়, যে কাইলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্...

December 27, 2025 6:39 PM

views 70

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যে ৬০ দিন পাছত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা অন্তিম দিনা দলীয় কর্মীসকলক উদ্দেশি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়। নামনি অসমৰ পিছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ-সচে...

December 26, 2025 6:25 PM

views 77

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী তথা ভালেমান নেতা-কর্মীয়ে বিপুল আদৰ...

December 5, 2025 2:35 PM

views 56

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছেঃ মুখ্যমন্ত্রী

● সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তামুলপুৰত কালি সাংবাদিকৰ আগত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত ২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুত কৰা ৰূপৰেখা চূড়ান্ত কৰিব। বি টি চি অঞ্চলত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়ালৈকে আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৱশ্যে ৰাজ্যৰ বাকী অঞ্চলসমূহৰ বাবে...

November 20, 2025 9:07 PM

views 66

বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত

২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নির্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠিনক প্ৰভাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ বিটিচিত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে নিৰন্তৰভাৱে দলীয় কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ...

October 10, 2025 1:23 PM

views 88

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী...

September 1, 2025 11:20 AM

views 87

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰদল ইউ পি পি এলৰ সৈতে বন্ধুত্বপূর্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা বিজেপিয়ে কালি সন্ধিয়া ২৮ জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি এখন সং...

July 17, 2025 9:10 PM

views 117

বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত যোগদান কার্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীয়ে দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। অনুষ্ঠানত প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, আম আদমী পাৰ্টী, অসমৰ প্ৰাক্তন সভাপতি তথা ২০২১ৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্রার্থী মনোজ ধানোৱাৰ, অসম গোর্খা সন্মিলনৰ সভাপতি অর্জুন চেত্রী, অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক আৰু মুখপাত্র অমল পাটোৱাৰী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা ত্ৰিদিপ তালুকদাৰ, শোণিতপুৰ জিলা কংগ্ৰেছ...