২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নির্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠিনক প্ৰভাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ বিটিচিত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে নিৰন্তৰভাৱে দলীয় কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰেশ দ্বিৱেদী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাকে ধৰি দলৰ অন্যান্য কর্মকর্তাসকল বৈঠকত উপস্থিত থাকে।
Assamese | November 20, 2025 9:07 PM | Akashvani | Akashvani News | Assam BJP | BTR | Political News
বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত