বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰিছে। দলৰ প্ৰাক্তন বিধায়ক কপিল মিশ্রাক মোটিনগৰৰ পৰা আৰু আম আদমী পাৰ্টী ত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰা প্ৰিয়ংকা গৌতমক কোণ্ডলী সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ইয়াৰ পূৰ্বে দলে ২৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছিল। বিজেপিয়ে বৰ্তমানলৈকে ৭০ জনীয়া দিল্লী বিধানসভাৰ ৫৮ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
Assamese | January 12, 2025 11:14 AM | BJP candidates for Delhi Assembly Election
দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ