দিল্লীত কালি সন্ধিয়া হোৱা এজাক প্ৰবল ধুমুহাৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। দিল্লীৰ অগ্নি নির্বাপক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ধুমুহাৰ ফলত ঘৰ ভাগি পৰাৰ লগতে গছ আৰু বৈদ্যুতিক খুটা উভালি পৰা ঘটনা সন্দৰ্ভত বিভাগটোৰ কাৰ্যালয়লৈ প্ৰায় ৬০ গৰাকী লোকে ফোন কৰিছে। প্ৰচণ্ড বতাহৰ ফলত ভালেমান যান-বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যান-বাহন, মেট্ৰ’ ৰে’ল আৰু বিমানৰ যাতায়াতো ব্যাহত হয়।
Assamese | May 22, 2025 3:36 PM | Akashvani | Delhi
দিল্লীত বুধবাৰে সন্ধিয়া প্ৰবল ধুমুহাৰ ফলত দুজন লোকৰ মৃত্যু