থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে আজি নিজ নিজ প্রার্থী প্ৰক্ষেপ কৰিছে। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত দেশখনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি থাইলেণ্ডৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। প্ৰধান বিৰোধী দলে সংবিধানৰ সংশোধন সন্দৰ্ভত অনাস্থা প্ৰস্তাৱ অনাৰ বাবে প্রধানমন্ত্রী আনুটিন চাণভিৰাকুলে অচিৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চলিত মাহৰ আৰম্ভণিতে সংসদ ভংগ কৰি দিছিল। প্রধান বিৰোধী দল পিপল্ছ পাৰ্টীয়ে সংবিধানৰ সংশোধনৰ বিষয় লৈ অনাস্থা প্ৰস্তাৱ অনাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পোষকতা কৰে ।
Assamese | December 28, 2025 10:03 PM | New Thailand PM election
থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্রার্থী প্ৰক্ষেপ