June 29, 2026 7:30 PM | TEZPUR

printer

তেজপুৰৰ হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোকনিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয়, যে বাৰিষাৰ পাছতে জলসম্পদ, পূৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ’ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্যই শালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্জৰ বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।