তিৱা জনজাতীয় ব’হাগ বিহুৰ আজি অন্তিম দিনা গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাই সৈন্য-সামন্তৰ সৈতে ঢাল-তৰোৱালেৰে প্রতীকি যুদ্ধত অৱতীৰ্ণ হয়। ৰজাৰ এই প্রতীকি যুদ্ধ উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোভা ৰজাৰ ব’হাগ বিহুৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে জাগীৰোডৰ বৰপামত অনুষ্ঠিত গোসাঁই মেলাত এই প্রতীকি যুদ্ধ অনুষ্ঠিত হৈ আহিছে। দুই ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবর্গৰ সৈতে তিৱাসকলৰ যাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি মেলাথলীত উপস্থিত হয়। ইয়াৰ পাছত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি হাতত ঢাল-তৰোৱাল নৈ দুই ৰজাৰ পাৰিষদবর্গই বর্ণনৃত্য কৰে।
Assamese | April 27, 2025 7:12 PM | Tiwa Tribe
তিৱা জনজাতীয়সকলৰ ব’হাগ বিহুৰ অন্তিম দিনা প্রতীকি যুদ্ধ প্ৰদৰ্শন