তিনিচুকীয়া জিলাৰ বাৰেকুৰিত আজিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সৌজন্যত তথা বাৰেকুৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন নৃত্য-গীত, কুইজ, চিত্রাংকন, শ্ল’গান লিখন আদি প্রতিযোগিতা অনুষ্ঠিত হয়। আজি পৰিৱেশ হলৌ বান্দৰ সংৰক্ষণ আৰু বাৰেকুৰিত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা শীৰ্ষক আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাত কেইবাগৰাকীও পৰিৱেশ কৰ্মীয়ে নিজৰ মত প্ৰকাশ কৰে। এই দিৱস উপলক্ষে কাইলৈও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে বাৰেকুৰি হলৌ বান্দৰৰ বাবে প্ৰখ্যাত হৈ পৰিছে।
Assamese | October 23, 2024 7:26 PM | Hoolock Day
তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন