September 30, 2024 12:00 PM | Tamilnadu CM to Jaishankar

printer

তামিলনাডুৰ মাছমৰীয়াক শ্ৰীলংকাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষাৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক অনুৰোধ

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক ৰাজ্যখনৰ মাছমৰীয়াসকলক শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰা তথা ইতিমধ্যে গ্ৰেপ্তাৰ হৈ থকা মাছমৰীয়াসকলক তেওঁলোকৰ মাছ মৰা নাওসহ মুকলি কৰি দিয়াৰ বাবে শক্তিশালী আৰু সক্ৰিয় কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। মন্ত্ৰীগৰাকীলৈ লিখা এখন পত্ৰত তেওঁ শ্ৰীলংকাৰ নৌবাহিনীয়ে কালি নেডুনথীভুৰ সমীপত নিৰ্দিষ্ট পঞ্জীয়ন নম্বৰ থকা দুখন নাওসহ ১৭ গৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো উল্লেখ কৰে। তেওঁ লগতে কয় যে, পৰহি ৰামেশ্বৰৰ্মৰ মৎস্য কেন্দ্ৰ এটাৰ পৰা মাছমৰীয়া কেইগৰাকী মৎস্য চিকাৰলৈ ওলাইছিল। মাছমৰীয়াসকলৰ গ্ৰেপ্তাৰ তখা তেওঁলোকৰ নাওসমূহ জব্দ কৰা কাৰ্যই উপকূলীয় সম্প্রদায়সমূহৰ মাজত গুৰুতৰ পৰিস্থিতি তথা অনিশ্চয়তাৰ সৃষ্টি কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। তেওঁ কয় যে, শ্রীলংকা কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াসকল তথা তেওঁলোকৰ নাওসমূহ শীঘ্ৰেই মুকলি কৰাটো সুনিশ্চিত কৰা আৰু তেওঁলোকক ভৱিষ্যতে গ্ৰেপ্তাৰ হোৱাৰ পৰা বচাই ৰাখিবলৈ শক্তিশালী আৰু সক্ৰিয় কূটনৈতিক ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰক পত্ৰও প্ৰদান কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।