September 3, 2026 6:36 PM | Jubin garag

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়াৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীশৰ্মাই কয় যে তেওঁৰ সাক্ষ্যই যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ৫ শতাংশও সহায় কৰে তেন্তে তেওঁ ধন্য হ’ব। ১৯ ছেপ্তেম্বৰত য়টত প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গে সময়মতে চিকিৎসা পাইছিল নে নাই বুলি সংবাদ মাধ্যমে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা শ্ৰীশৰ্মা বিৰত থাকে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকাৰ সময়ত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায়াধীশ শর্মিলা ভূঞাৰ নেতৃত্বত গঠিত ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া চলি আছে।