September 25, 2026 8:02 PM
13
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অমৃতপ্রভা মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অমৃতপ্রভা মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠত আজি অনুষ্ঠিত শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জামিনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া আৰম্ভ কৰে। অৱশ্যে আজি আদালতত অমৃতপ্রভা মহন্তৰ জামিনৰ শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে অহা ২৮ ছেপ্তেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।