ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। পঞ্চম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্রশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তাৰ জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা ৩ জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ’ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্টট্ৰেক আদালতে কাইলৈ চাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব ।
Assamese | June 30, 2026 7:02 PM | Jubin garag
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত