September 24, 2026 8:53 PM | Jubin garag

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। ছিংগাপুৰৰ অসম এছ’ছিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে আজি দ্বিতীয় দিনা আদালতত সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে, শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত পূৰ্বে প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্রতীম লহকৰ, দেবজ্যোতি হাজৰিকা আৰু জীউ লাংচাট নাৰ্জাৰীয়ে সাক্ষ্য প্ৰদান কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।