কামৰূপ মহানগৰ জিলা প্ৰশাসনে জালুকবাৰী উৰণসেতুৰ সমীপত হোৱা অস্বাভাৱিক যান-জঁট দূৰ কৰাৰ বাবে এই সমগ্ৰ অঞ্চলটো ন’ বাছ ষ্টপ, ন’ পার্কিং আৰু ন’ ভেণ্ডিং জ’ন হিচাপে ঘোষণা কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ ড° জীৱন কৃষ্ণ গোস্বামীয়ে আজি এই মৰ্মে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি জালুকবাৰী উৰণ সেতুৰ ওপৰত সকলোধৰণৰ অকর্তৃত্বশীল পার্কিং, অকর্তৃত্বশীল পথ ব্যৱসায় আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অকৰ্তৃত্বশীলভাৱে যাত্রীবাহী বাহন ৰখোৱা কাৰ্যক অবৈধ বুলি ঘোষণা কৰা হৈছে।
Assamese | January 7, 2025 8:04 PM | Jalukbari
জালুকবাৰী উৰণসেতুৰ সমীপত ন’ বাছ ষ্টপ, ন’ পার্কিং আৰু ন’ ভেণ্ডিং জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ