জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান এই দুই বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অর্থাৎ আই এম এফ আৰু বিশ্ব বেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ’ব। আই এম এফৰ দ্বাৰা প্ৰকাশিত ৱাল্ড ইকনমিক আউটলুক শীর্ষক জার্নেলখন উন্মোচনেৰে এই সভা আৰম্ভ হয়। গোলকীয় অৰ্থনীতিৰ সাম্প্ৰতিক পৰিস্থিতি পর্যৱেক্ষণৰ উদ্দেশ্যে এই সভাত বিভিন্ন দেশৰ বিত্ত আৰু উন্নয়ন দপ্তৰৰ মন্ত্ৰী, শিক্ষাবিদ আৰু ব্যক্তিগত খণ্ড তথা নাগৰিক সমাজৰ প্ৰতিনিধিবর্গ উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষত আই এম এফ আৰু বিশ্ব বেংক উভয়ে ৮০ সংখ্যক বর্ষপূর্তি পালন কৰিব ।
Assamese | April 15, 2024 6:52 PM | IMF
জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান বিষয়ক আই এম এফ আৰু বিশ্ব বেংকৰ বুধবাৰে যুটীয়া বৈঠক