প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত পৰহি সংঘটিত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক ভাৰতৰ আত্মাক আঘাত হনাৰ দুঃসাহস বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনি জিলাত আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয়, যে সন্ত্ৰাসবাদীবোৰে যতেই আত্মগোপন নকৰক কিয়, ভাৰতে তাৰপৰাই সিহঁতক বিচাৰি উলিয়াব। পহলগামৰ ঘটনাক নিন্দা কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক চিনাক্ত কৰি বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। প্রধানমন্ত্রীয়ে লগতে কয়, যে এনে ঘটনা সংঘটিত কৰা লোকসকল কল্পনা কৰিব নোৱাৰা ধৰণৰ প্ৰতিফলৰ সন্মুখীন হ’ব লাগিব।
Assamese | April 24, 2025 8:20 PM | PM Pahalgam
জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক প্ৰধানমন্ত্ৰীৰ কঠোৰ ভাষাৰে গৰিহণা