জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ চট্ অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। প্রবল বৰষুণৰ বাবে অঞ্চলটোৰ জনজীৱন ব্যাহত হোৱাৰ লগতে কিস্তৱাৰ, দোদা আৰু ৰামবান জিলাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হয়। পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত অহা এই আকস্মিক বানত অঞ্চলটোৰ যথেষ্ট ক্ষতি সাধন হৈছে।
কিস্তৱাৰ-চট্-চিন্তন ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হোৱাৰ লগতে বিভিন্ন বাসগৃহ আৰু দোকান-পোহাৰ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছে যে এই বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা নাই। তেওঁ আকস্মিক বানৰ ফলত ক্ষতিগ্রস্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক চৰকাৰৰ সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ দিয়া হ’ব বুলি জনাইছে।