প্রাপ্তি আৰু লাভাংশ ভাগ-বাটোৱাৰা নীতিৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্র্য প্ৰাধিকৰণ NBA-ই চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ৯ কোটি ৬৮ লাখ টকা সংগ্ৰহ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, সংগৃহীত মুঠ ৰাজহৰ ৯ কোটি ৫৬ লাখ টকা বিভিন্ন খণ্ডৰ জৈৱিক সম্পদ ব্যৱহাৰৰ বাবদ পোৱা গৈছে। ইয়াৰে, কৃষি-বীজ খণ্ডই ৭ কোটি ১৬ লাখ টকাৰ সৰ্বাধিক বৰঙণি যোগোৱাৰ বিপৰীতে খাদ্য আৰু পানীয় খণ্ডৰ পৰা ১ কোটি ৫৯ লাখ টকা আৰু পশুপালন খণ্ডৰ পৰা ৬২ লাখ ১ হাজাৰ টকা লাভ কৰা হৈছে।
২০০৮ চনৰ পৰা বৰ্তমানলৈকে প্ৰাধিকৰণে প্রায় ২৭৮ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰে ২০০ কোটিতকৈও অধিক টকা জৈৱ বৈচিত্র্য সংৰক্ষণৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক, স্থানীয় সম্প্রদায়, অনুষ্ঠান-প্রতিষ্ঠান আৰু অংশীদাৰসকলৰ কল্যাণৰ বাবে বিতৰণ কৰা হৈছে বুলি মন্ত্রালয়ে প্রকাশ কৰে।