October 9, 2026 11:31 AM
5
চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত NBA-ৰ ৯ কোটি ৬৮ লাখ টকা সংগ্ৰহ
প্রাপ্তি আৰু লাভাংশ ভাগ-বাটোৱাৰা নীতিৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্র্য প্ৰাধিকৰণ NBA-ই চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ৯ কোটি ৬৮ লাখ টকা সংগ্ৰহ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, সংগৃহীত মুঠ ৰাজহৰ ৯ কোটি ৫৬ লাখ টকা বিভিন্ন খণ্ডৰ জৈৱিক সম্পদ ব্যৱহাৰৰ বাবদ পোৱা গৈছে। ইয়াৰে, কৃষি-বীজ খণ্ডই ৭ কোটি ১৬ লাখ টকাৰ সৰ্বাধিক বৰঙণি যোগোৱাৰ বিপৰীতে খাদ্য আৰু পানীয় খণ্ডৰ পৰা ১ কোটি ৫৯ লাখ টকা আৰু পশুপালন খণ্ডৰ পৰা ৬২ লাখ ১ হাজাৰ টকা লাভ কৰা হৈছে। ২০০৮ চনৰ পৰা বৰ্তম...