চণ্ডীগড়ত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্য সেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু ৪৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত চণ্ডীগড়ত ২৫৯ খন বিচনাযুক্ত জটিল স্বাস্থ্য সেৱাৰ খণ্ডৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ জিৰাকপুৰ- কুৰালি ঘাইপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে জিৰাকপুৰ বাইপাছ আৰু চণ্ডীগড় বিমান বন্দৰ এৰ’চিটী গ্রীণ ফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰে।

শ্ৰীমোদীয়ে পাঞ্জাৱ অভিযান্ত্রিক মহাবিদ্যালয় আৰু ছেক্টৰ ফটি ছিক্সৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰাৱাসৰ লগতে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বহুমুখী প্ৰেক্ষাগৃহও মুকলি কৰে। জনসভাক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, যে চণ্ডীগড়ৰ বিকাশে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন অনাৰ লগতে চহৰখনৰ বাহিৰৰ হাৰিয়াণা, পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ জনসাধাৰণো যথেষ্ট লাভান্বিত হ’ব।

তেওঁ লগতে কয়, যে অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ, মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ, জটিল ৰোগৰ চিকিৎসাৰ বাবে স্থাপন কৰা চিকিৎসালয়সমূহে লাখ লাখ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব। ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে দেশৰ ভাৰতীয় ন্যায় সংহিতা ব্যৱস্থাৰ কাৰ্য্যকৰীকৰণ চণ্ডীগড়ৰ পৰাই আৰম্ভ হৈছে।

চণ্ডীগড়ৰ আধুনিকীকৰণ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, স্মার্ট যান-জঁট ব্যৱস্থাপনা, স্মার্ট পার্কিং আৰু ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে চণ্ডীগড়ক এখন উচ্চ প্ৰযুক্তি সম্পন্ন চহৰত পৰিণত কৰিছে।

ইয়াৰ বাবে প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দুহেজাৰ ৫০০ কোটিতকৈ অধিক পুঁজি ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ক পৰিকল্পিত নগৰীয়া উন্নয়নৰ বাবে মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে। তেওঁ কয়, যে এন ডি এ চৰকাৰে বাবে চণ্ডীগড়ক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।