গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰা হ’ব। অধিৱেশনৰ অংশ হিচাপে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে শোভাযাত্রা উলিওৱা হ’ব।
Assamese | April 3, 2025 8:22 PM | Akashvani Guwahati | Akashvani News | Golaghat | golaghat ajycp meeting | Local news
গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন