April 4, 2025 7:45 PM

views 64

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিবেশন আৰম্ভ হৈছে। এই অধিবেশনৰ বাবে ১৫ খন উপ সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা ৫ হাজাৰ প্ৰতিনিধিক আদৰণি জনাই আপ্যায়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত সভাপতি পলাশ চাংমাই সংগঠনৰ পতাকা উত্তোলন কৰি অসমত পূর্ণ স্বায়ত্ত শাসন আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰলৈ দাবী জনায়।

April 3, 2025 8:22 PM

views 53

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, ছহিদ তৰ্পণ, সতীৰ্থ স্মৰণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অধিৱেশনতে পৰিষদৰ নতুন কেন্দ্রীয় সমিতি গঠন কৰা হ'ব। অধিৱেশনৰ অংশ হিচাপে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে শোভাযাত্রা উলিওৱা হ'ব।

March 13, 2025 8:17 PM

views 35

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

গোলাঘাটত হ'বলগীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন উপলক্ষে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধিৱেশনৰ শীৰ্ষ গীতটো মুকলি কৰা হয়। উল্লেখযোগ্য যে অহা ৪ এপ্ৰিলৰ পৰা তিনি দিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ'ব।