December 10, 2025 9:10 PM | ghy iimc

printer

গুৱাহাটীত ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলন

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি, প্রতিষ্ঠান, গণ মাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপবিষ্ট কৰোৱা হৈছে। গুৱাহাটীৰ আজাৰাত আজি দিনৰ ১০ বজাত আৰম্ভ হোৱা এই সন্মিলনত আই আই এম চিৰ উপাচাৰ্য্য আৰু সঞ্চালক প্ৰধান ড০ প্রজ্ঞাপালিৱাল গৌড়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী গৌড়ে সামুহিক অনাতাৰ সেৱাৰ বিকাশ সন্দৰ্ভত আলোকপাত কৰে। তেও কয় যে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৫৫০ টা সামুহিক অনাতাঁৰ কেন্দ্ৰ আছে। লিংগ সংবেদনশীল বিষয়ত সজাগতা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সামুহিক অনাতাঁৰ কেন্দ্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰোৱাই কৃত্রিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ বিভিন্ন দিশৰ সহায়ত সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো এই সেৱাই বিশেষ ভূমিকা লব পাৰে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত আই আই এম চিৰ পঞ্জীয়ক এল মধুনাগে ভাৰতৰ অনাতাৰ সেৱাৰ ৰূপান্তৰ সাধনৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। একেদৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অৱৰ সচিব মহেন্দ্ৰ মীনাই সাম্প্রতিক সময়ত সামুহিক অনাতাৰ সেৱাক সমাজৰ একেবাৰে শেষৰ জনৰ সৈতে যোগাযোগৰ মাধ্যম বুলি অভিহিত কৰে।