গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজ্যৰ কৃষিক্ষেত্ৰ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে কালি এখন আলোচনাচক্র অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই আলোচনাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বীজ বিক্রেতা সংস্থাৰ প্ৰতিনিধি আৰু বীজ উৎপাদকে অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ বিদুৎ চন্দন ডেকাৰ উপস্থিতিত অনুষ্ঠিত আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিভিন্নজনে ৰাজ্যৰ কৃষিক্ষেত্ৰত বৰ্তমান সময়ত গুণগত মানৰ বীজৰ প্ৰয়োজনীয়তা আৰু বীজ উৎপাদন তথা সংৰক্ষণৰ ক্ষেত্ৰত অসম স্বাৱলম্বী নোহোৱাৰ বিষয়ে আলোকপাত কৰাৰ লগতে উপাচার্য ড০ ডেকাই বিশ্ববিদ্যালয়খনে এই দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰে। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া, অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড০ মিলনজ্যোতি কোঁৱৰকে ধৰি বিভিন্নজন উপস্থিত থাকে।
Assamese | June 16, 2024 1:29 PM | agriculture
গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধি বিষয়ক অসম কৃষি বিশ্ববিদ্যালয়ত আলোচনাচক্র