বিদেশ সচিব বিক্রম মিশ্রিয়ে অলপতে অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকসমূহৰ গুৰুত্বত আলোকপাত কৰি কয় যে, এই সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ এখন মঞ্চ প্ৰদান কৰিলে। নিউয়ৰ্কত আজি সংবাদ মাধ্যমৰ আগত বিদেশ সচিবগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত পূর্বে সৰবৰাহ কৰা ২৯৭ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰাই দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়। শ্রীমিশ্রিয়ে উল্লেখ কৰে যে, প্রধানমন্ত্ৰী মোদীয়ে এই সন্মিলন আয়োজন কৰা তথা কোৱাডক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ শলাগ লৈছে। তেওঁ লগতে কোৱাড ৰাষ্ট্ৰসমূহৰ গণতান্ত্রিক মূল্যবোধ মানৱতাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলিও প্রধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছে বুলি জানিবলৈ দিয়ে।
Assamese | September 22, 2024 6:38 PM | PM Modi with Quad Leaders Summit
কোৱাড শীৰ্ষ সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ মঞ্চ প্ৰদান কৰিলেঃ বিদেশ সচিব বিক্রম মিশ্রি