September 28, 2026 1:37 PM | Enquiry

printer

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত খাদ্যৰ বিষক্রিয়াৰ তদন্তৰ বাবে জিলা দণ্ডাধীশৰ নিৰ্দেশ

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্রিয়া ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্রতিষ্ঠানটোৰ পঞ্জীয়কক নির্দেশ দিছে। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৰ ছাত্ৰী নিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ১৫ গৰাকীতকৈও অধিক অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। জিলা দণ্ডাধীশে ঘটনা সংঘটিত হোৱাৰ দিনা ছাত্রীসকলক যোগান ধৰা খাদ্য, সেইসমূহৰ প্ৰস্তুতকৰণ আৰু পৰিচ্ছন্নতাৰ মানৰ লগতে অসুস্থ ছাত্রীসকলৰ চিকিৎসা তথা স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈও নির্দেশ দিয়ে।