September 28, 2026 1:37 PM

views 1

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত খাদ্যৰ বিষক্রিয়াৰ তদন্তৰ বাবে জিলা দণ্ডাধীশৰ নিৰ্দেশ

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্রিয়া ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্রতিষ্ঠানটোৰ পঞ্জীয়কক নির্দেশ দিছে। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৰ ছাত্ৰী নিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ১৫ গৰাকীতকৈও অধিক অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। জিলা দণ্ডাধীশে ঘটনা সংঘটিত হোৱাৰ দিনা ছাত্রীসকলক যোগান ধৰা খাদ্য, সেইসমূহৰ প্ৰস্তুতকৰণ আৰু পৰিচ্ছন্নতাৰ মানৰ লগতে অসুস্থ ছাত্রীসকলৰ চিকিৎসা তথা স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈও নির্...

October 16, 2025 8:36 PM

views 29

অসম-মেঘালয় সীমান্তত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা ৯ অক্টোবৰত অসম-মেঘালয় সীমান্তৰ তাপাতত সংঘটিত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ হিমাদ্ৰী শেখৰ বৰদলৈয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, কাইলৈ খান্দুলিস্থিত সীমান্ত পহৰাচকীত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। কোনো ব্যক্তি, সংগঠন বা বেচৰকাৰী সংস্থাই এই সন্দৰ্ভত যিকোনো তথ্য-প্রমাণ বা নথি লিখিতভাৱে দাখিল কৰিব পাৰিব। পুৱা ১১ বজাত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।