নতুন দিল্লীত আজি ভাৰতীয় নৌ সেনাই কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে তিনি দিনীয়া এই সম্মিলনে আউটষ্টেচন অপাৰেচনেল আৰু এৰিয়া কামাণ্ডৰসকলৰ লগতে জ্যেষ্ঠ নৌ সেনাৰ নেতৃত্বৰ বাবে নতুন পথ দেখুৱাব। এই সন্মিলনে সামৰিক কৌশলগত পৰ্যায়ত কাৰ্যকৰী প্রস্তুতিৰ বিস্তৃত পর্যালোচনা কৰাৰ লগতে প্রতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাৰ সুবিধা প্রদান কৰিব। মন্ত্র্যালয়ে জনোৱা মতে এই সম্মিলনে পশ্চিম এছিয়াত চলি থকা সংঘাটৰ মাজত শক্তিৰ নিৰাপত্তাকে ধৰি ভাৰতৰ সামুদ্রিক স্বাৰ্থৰক্ষাৰ দিশত ভাৰতীয় নৌ সেনাৰ অৱদান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাত প্রধান ভূমিকা গ্ৰহণ কৰিব। সন্মিলন মুকলি কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় নৌ সেনাৰ পৰা ৰাষ্ট্ৰীয় সামুদ্রিক দৃষ্টিভংগী আৰু আশা-আকাংক্ষা সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী তথা পথ নির্দেশনা প্রদান কৰিব। এই সন্মিলনৰ সময়তে প্ৰতিৰক্ষা বাহিনীৰ মুৰবৰী আৰু সেনা বাহিনীৰ মুৰববী দুয়োগৰাকী শীর্ষ বিষয়াৰ সৈতে যোগাযোগ কৰি এই সেবাসমূহৰ সহযোগিতা আৰু সংহতিৰ মাজত সমন্বয় স্থাপনৰো প্ৰয়াস কৰা হ’ব।
Assamese | September 29, 2026 12:00 PM | Commander Conference
নতুন দিল্লীত ভাৰতীয় নৌ সেনাৰ কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণ