August 2, 2026 11:57 AM | flood fund central

printer

কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ ৩৭৯ কোটি ৩৫ লাখ টকা মুকলি

কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্রভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে ২ হেজাৰ ১১৭ কোটি ৮৫ লাখ টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্রিম কিস্তি হিচাপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসমলৈ ৩৭৯ কোটি ৩৫ লাখ টকা আৰু অৰুণাচল প্ৰদেশলৈ ৪৪ কোটি ৫৫ লাখ টকা মুকলি কৰি দিয়া হৈছে।

 প্রয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্রীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্রতিনিধি দল প্ৰেৰণ কৰা হৈছে। 

অসমৰ বানৰ বিভিষিকালৈ চাই ৰাজ্যখনলৈ দুবাৰ আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্রতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধমৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্রতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।