August 2, 2026 11:57 AM

views 11

কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ ৩৭৯ কোটি ৩৫ লাখ টকা মুকলি

কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্রভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে ২ হেজাৰ ১১৭ কোটি ৮৫ লাখ টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্রিম কিস্তি হিচাপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসমলৈ ৩৭৯ কোটি ৩৫ লাখ টকা আৰু অৰুণাচল প্ৰদেশলৈ ৪৪ কোটি ৫৫ লাখ টকা মুকলি কৰি দিয়া হৈছে।  প্রয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্য...