কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ৰ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্রুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত

ধ্রুপদী অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্রুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ভাষা শাখাৰ নিৰ্দেশনাৰ জৰিয়তে এই কথা প্রকাশ কৰা হৈছে।

মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ধ্রুপদী ভাষাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন, শৈক্ষিক গৱেষণা আৰু প্ৰচাৰ-প্ৰসাৰৰ কাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে।

ধ্রুপদী অসমীয়া ভাষাৰ উপৰি বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত এই পাঁচটা ধ্রুপদী ভাষাৰ বাবে দেশৰ পাঁচখন সুকীয়া উচ্চ শিক্ষা প্রতিষ্ঠানত একোটাকৈ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কর্তৃপক্ষই অনুমোদন জনাইছে।

সেই অনুসৰি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ত ধ্রুপদী অসমীয়া, পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত ধ্রুপদী বাংলা, পুনেৰ ডেস্কান কলেজ প’ষ্ট গ্রেজুৱেট এণ্ড ৰিছাৰ্চ ইনষ্টিটিউটত ধ্রুপদী মাৰাঠী, ওড়িশা কেন্দ্রীয় বিশ্ববিদ্যালয়ত ধ্রুপদী পালি আৰু গুজৰাট কেন্দ্রীয় বিশ্ববিদ্যালয়ত ধ্রুপদী প্রাকৃত উৎকৃষ্টতা কেন্দ্র স্থাপন হ’ব।

তেজপুৰ বিশ্ববিদ্যালয়ত এই কেন্দ্ৰ স্থাপনৰ ঘোষণাই অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য আৰু সমৃদ্ধ সাহিত্য বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণা নতুন দিগন্ত মুকলি কৰিব বুলি আশা কৰা হৈছে।