সৰ্প দংশন আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়টো ৰাজ্যিক জনস্বাস্থ্য আইন বা অন্য প্রযোজ্য বিধিৰ অধীনত অধিসূচনা জাৰি কৰিবলগীয়া ৰোগ হিচাপে চিহ্নিত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব নাইবা অতিৰিক্ত মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্য মন্ত্রালয়ে এই বিষয়ে প্রকাশ কৰিছে। বিশেষকৈ জনজাতি বসতিপ্রধান অঞ্চল আৰু কৃষকসকলৰ মাজত সৰ্প দংশনৰ ফলত মৃত্যু, অসুস্থতা আৰু অক্ষমতা সৃষ্টি হব পাৰে বুলি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলীলা শ্রীবাস্তৱে প্ৰেৰণ কৰা এই পত্ৰখনত উল্লেখ কৰা হৈছে। তেওঁ কয় যে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ বিষক্রীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপন্থা অর্থাৎ এন এ পি এছ ই শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰিছে। সংশ্লিষ্ট মন্ত্ৰালয় আৰু অংশীদাৰসকলৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ দ্বাৰা ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ ফলত হোৱা মৃত্যু কমেও আধালৈ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে অধিসূচনা জাৰি কৰিবলগীয়া ৰোগৰ ক্ষেত্ৰত ততালিকে জনস্বাস্থ্য কর্তৃপক্ষ অৱগত কৰা প্ৰয়োজন। এনে ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টি, ইয়াৰ নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ তাৎক্ষনিক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন বুলিও স্বাস্থ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | November 30, 2024 8:29 PM | Central Govt. | Snake
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ বিষক্রীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপন্থা শীৰ্ষক পদক্ষেপ গ্ৰহণ