দোহাত থকা ভাৰতীয় দূতাবাসে আজি জানিবলৈ দিছে যে কেনিয়াত সংঘটিত এটা বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোক মৃত্যু হোৱাৰ ঘটনাৰ সবিশেষ বুজ লৈ আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে জানিবলৈ দিছে যে যোৱা নিশা ৫ গৰাকী লোকৰ মৰনোত্তৰ পৰীক্ষা কৰা হয়। কেনিয়াৰ নাইৰোবিত থকা ভাৰতীয় উচ্চায়ুক্তই মৃত লোককেইজনৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাছ দুৰ্ঘটনাত আহত হোৱা আন ২৩ গৰাকী ভাৰতীয় লোকক নাইৰোবিৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Assamese | June 11, 2025 8:47 PM | Akashvani | Akashvani News | Cania
কেনিয়াত সংঘটিত বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোকৰ মৃত্যু