ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰীটোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্র-ছাত্রীসকলক সম্বর্ধনা জনোৱা হয়। সম্বর্ধনা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত কলিয়াবৰ বিধানসভা সমষ্টিৰ ৪০ খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ২২ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৯৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। এই অনুষ্ঠানতে নাছালৈ আমন্ত্রণ লাভ কৰা কলিয়াবৰ গুৰুকুলৰ কৃতি ছাত্র জোনাকজ্যোতি বৰদলৈক বিধায়ক কেশৱ মহন্তই এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।
Assamese | July 3, 2026 6:56 PM | Fecilitation - Keshab Mahanta
কুঁৱৰীটোলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিৰ কৃতি ছাত্র-ছাত্রীক সম্বর্ধনা