পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ’বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল সংগঠনসমূহকো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্রদানেৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ ১০ লাখ ৭৫ খন ৰেচন কাৰ্ড প্ৰদান কৰি সৰ্বমুঠ ৪২ লাখ ৰেচন কাৰ্য প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড সংলগ্ন কৰাৰ নিয়ম নিৰ্ধাৰণৰ পাছতে অসমত ৫০ লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰি ৮ লাখ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ সামৰ্থৰ কথাও তেওঁ উল্লেখ কৰে। আনহাতে মৃত ব্যক্তিসকলৰ ঠাইতো নতুনকৈ অতিৰিক্ত তিনি লাখ ৰেচন কাৰ্ড প্রদানেৰে সৰ্বমুঠ ১২ লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
Assamese | August 26, 2024 11:23 AM | at Karbi Anglong | Ranjeet Kr. Das
কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ আধাৰশিলা স্থাপন