কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিবেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে ১০০ কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবীমঞ্জুৰিত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই ১০০ কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬টা সমষ্টিৰ ৰাইজৰ অভাৱ-অভিযোগ পূৰণ কৰিৰলৈ পৰিপূৰক বাজেটত অনুমোদন জনোৱা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদনক জানিবলৈ দিয়ে।
Assamese | December 15, 2025 6:21 PM | at Karbi Anglong
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত পৰিষদৰ বিশেষ অধিবেশন