কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি নৱবৰ্ষ পালন কৰা হয়। ইংৰাজী বৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত কাৰ্বি নৱবৰ্ষৰ পহিলা মাহ থাংথাং আৰম্ভ হয়। কাৰ্বিসকলৰ কৃষিকৰ্মৰ পৰিক্ৰমা এই সময়ৰ পৰা আৰম্ভ হোৱাৰ সূত্ৰে এই মাহটোৱে বিশেষ তাৎপর্য বহন কৰে। কাৰ্বি নিংকানকিমি অর্থাৎ কাৰ্বি নৱবৰ্ষ উপলক্ষে কাৰ্বি কুৰুশ্বা অর্থাৎ পুৰোহিতসকলে বিশেষ প্ৰাৰ্থনা অনুষ্ঠান হৰবং আনাম কিপুৰ আয়োজন কৰে। এই প্ৰাৰ্থনাত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাচিং ইংলেং আৰু কাৰ্বি ৰজা লংচিং ৰংহাঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ডিফুত আয়োজন কৰা নৱবৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকে।
Assamese | February 1, 2025 6:51 PM | Karbi New Year
কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত কাৰ্বি নৱবৰ্ষ পালন