কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্রাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় ৯০ হাজাৰটা বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰমূল্য আনুমানিক ২৬ কোটি টকা হ’ব বুলি প্ৰকাশ কৰিছে। এই সংক্ৰান্তত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসে প্ৰকাশ কৰা মতে জব্দ কৰা ট্রাকখন মিজোৰামৰ পৰা গুৱাহাটীলৈ আহি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Assamese | December 15, 2025 9:02 PM | kachar drugs arrest
কাছাৰৰ ৰংপুৰত শিলচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ