প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯ টা প্রজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মুকলি কৰিবলগীয়া ১০৯টা প্ৰজাতিৰ ভিতৰত ৩৪ বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু ২৭ বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, দানা জাতীয় শস্য, তৈল বীজ, দাইল, কুঁহিয়াৰ, কঁপাহ, আঁহজাতীয় শস্য আৰু অন্য সম্ভাৱনাপূৰ্ণ শস্য আছে। উদ্যান জাতীয় শস্যসমূহৰ ভিতৰত ফলমূল, শাক-পাচলি, ফুল আৰু ঔষধীয় গছ অন্যতম।
Assamese | August 10, 2024 7:17 PM | PM Modi
কাইলৈ প্ৰধানমন্ত্ৰীয়ে অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্রজাতি মুকলি কৰিব