আকাশবাণী গুৱাহাটীৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ওপজা দিনৰ সুৱাস’ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া চাৰে ৬ বজাত আৰম্ভ হ’ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্রীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মনজ্যোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্রকাশিত ‘আকাশী’ আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ’ব। এই অনুষ্ঠানতে আকাশবাণীৰ ৯০ বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই-মেগাজিনখনো উন্মোচন কৰা হ’ব।
Assamese | June 30, 2026 6:36 PM | Aakashbani establish day
কাইলৈ আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ‘ওপজা দিনৰ সুৱাস’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন