শ্রীলংকাৰ ৰাজধানী কলম্বোত আজি ৫ হাজাৰৰো অধিক শিল্পীয়ে একেলগে ভাৰতনাট্যম প্রদর্শন কৰি গীনিজ বিশ্ব অভিলেখ স্থাপন কৰে। এয়া হৈছে আজি পর্যন্ত আটাইতকৈ বেছি সংখ্যক শিল্পীয়ে ভাৰতনাট্যম প্ৰদৰ্শন কৰাৰ অনুষ্ঠান। ভাৰতৰ সংগমম গ্ল’বেল একাডেমী আৰু শ্রীলংকাৰ সমগমিঝ লিয়াৰ যৌথ উদ্যোগত কলম্বোৰ গালে ফেচত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত ভাৰত-শ্রীলংকাৰ লগতে আন কেইবাখনো দেশৰ নৃত্যশিল্পীয়ে ভাৰতীয় ধ্রুপদী নৃত্য আৰু সাংস্কৃতিক ঐতিহ্য প্রদর্শন কৰে। অংশগ্রহণকাৰীসকলে আকর্ষণীয় পৰম্পৰাগত সাজ-সজ্জাৰে গুৰুৰ নির্দেশনাত নৃত্য প্রদর্শন কৰে। অনুষ্ঠানৰ পাছতে গীনিজ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
শ্রীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই নৃত্য প্রদর্শনকাৰী আৰু উদ্যোক্তাৰ হৈ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ গ্রহণ কৰে। উচ্চাযুক্ত ঝাই নৃত্যশিল্পী আৰু উদ্যোক্তাসকলক এই বিশ্ব স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কয়, যে ভাৰত-শ্রীলংকাৰ বাসিন্দাসকলৰ মাজত পাৰস্পৰিক যোগাযোগ শক্তিশালী কৰাত সংস্কৃতিয়ে গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে।