অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীত ৰাজ্যখনৰ ৮ হাজাৰতকৈ অধিক চাহ বাগিচাৰ শিল্পীয়ে অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। বিভিন্ন জিলাত ইতিমধ্যে শিল্পীসকলক বাছনি কৰি মূল কাৰ্যসূচীৰ বাবে অনুশীলন অব্যাহত ৰাখিছে। এই উপলক্ষে কালিৰে পৰা বৰাক উপত্যকাৰ ৩ খন জিলাৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া ৩৪৬ গৰাকী নিৰ্বাচিত শিল্পীৰ বাবে এখন মাণ্ডলিক ঝুমুৰ নৃত্যৰ কৰ্মশালা আৰম্ভ হৈছে। জিলা পৰ্যায়ৰ অনুশীলনসমূহ ৰাজ্যখনৰ বিভিন্ন মন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰি আছে। মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু কৌশিক ৰায় কালি শিলচৰৰ কৰ্মশালাত উপস্থিত থাকে।
Assamese | February 12, 2025 5:03 PM | Advantage Assam 2.0 | Akashvani News
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত