ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ বঙ্গোপসাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণিবতাহজাক পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দক্ষিণ – দক্ষিণ পূৱত প্রচণ্ড ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বতাহজাক উত্তৰ দিশলৈ গতি কৰিব আৰু প্ৰতিঘণ্টাত ১১০ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে আজি মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে। ইপিনে, কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণি বতাহজাকৰ সম্ভাৱ্য প্ৰভাৱলৈ চাই আজি দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা যোৱা কৰা ৩৯৪ খন ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ থাকিব ।
Assamese | May 26, 2024 6:36 PM | remal cyclone
উত্তৰ বঙ্গোপসাগৰত সৃষ্ট ৰেমল ঘূৰ্ণিবতাহজাক মাজনিশালৈ বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগ পাৰ হৈ যোৱাৰ সম্ভাৱনা