উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি হাথৰছ চৰকাৰী চিকিৎসালয়ত পদপিষ্টৰ ঘটনাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে আৰু মুখ্য সচিব মনোজ কুমাৰ সিং আৰু মন্ত্ৰীসকলৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পদপিষ্ট হোৱা ঠায়ো পৰিদৰ্শন কৰে। কালি সংঘটিত এই ঘটনাত ১২১ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত ছজন অন্য ৰাজ্যৰ লোকো আছে। এই ঘটনাত আহত ৩১ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ প্ৰায় আটায়ে বিপদমুক্ত বুলি কোৱা হৈছে।
Assamese | July 3, 2024 8:32 PM | Yogi Aditya Nath Visit
উত্তৰ প্ৰদেশত পদপিষ্ট ঘটনাৰ বলি হোৱা লোকক সাক্ষাৎ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ