ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৫টা দিনত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূৱ অংশত আজিও মুষলধাৰ বৰষুণ অব্যাহত থাকিব। মহাৰাষ্ট্ৰৰ মধ্য অংশ, গোৱা আৰু চত্তিশগড়তো একে ধৰণৰ পৰিৱেশে বিৰাজ কৰিব বুলি বিভাগে জানিবলৈ দিছে। আজি আৰু পৰৱৰ্তী দুটা দিনৰ সম্ভাব্য প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মাছমৰীয়াসকলক লক্ষদ্বীপ আৰু কেৰালাৰ সমীপৱৰ্তী সাগৰলৈ মাছ মাৰিবলৈ নাযাবলৈ বিভাগে পৰামৰ্শ জাৰি কৰিছে।
ইপিনে, কংকন আৰু গোৱাৰ সমীপৱৰ্তী সাগৰৰ বাবেও অহা দেওবাৰ পৰ্যন্ত এই পৰামৰ্শাৱলী জাৰি কৰা হৈছে।
Assamese | September 3, 2025 1:01 PM | IMD Report
উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ