উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰৰ উদ্যোগত প্ৰ’টন থেৰাপী প্রকল্প ৰূপায়ণৰ বাবে চুক্তি স্বাক্ষৰ

উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰৰ উদ্যোগত প্ৰ’টন থেৰাপী প্রকল্প ৰূপায়ণৰ বাবে কালি এখন চুক্তি স্বাক্ষৰ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰ আৰু আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই চুক্তি অনুযায়ী ৰাজ্যত এটা প্ৰ’টন বীম থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব।

 ৬০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ বাবে বিশ্ব বেংকে ৩১৫ কোটি টকাৰ পুঁজি আগবঢ়াব। এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলত কর্কট ৰোগীসকলৰ বাবে অত্যাধুনিক ৰেডিয়েচন থেৰাপীৰ সুবিধা প্ৰদানৰ লগতে ৰাজ্যত কৰ্কট ৰোগ নিৰাময়ৰ পর্যায়ভিত্তিক চিকিৎসা সেৱা শক্তিশালী কৰিব বুলি মুখ্যমন্ত্রী ড° শর্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে।

অসমত স্থাপন হ’বলগীয়া প্ৰ’টন থেৰাপী প্রকল্পই চুবুৰীয়া ৰাজ্য আৰু দেশসমূহৰ বাবে ৰেফাৰেল কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ উপৰি চিকিৎসা পদার্থ বিজ্ঞান, ৰেডিয়েচন অংক’লজী আৰু গৱেষণাৰ ক্ষেত্ৰত দক্ষতা বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।