May 10, 2024 8:08 PM | Charidhan yatra

printer

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

উত্তৰাখণ্ডত পবিত্ৰ চাৰিধাম যাত্ৰা আজি আৰম্ভ হৈছে। অক্ষয় তৃতীয়া উপলক্ষে কেডাৰনাথ, গংগোত্ৰী, যমুনোত্রী ধামৰ দ্বাৰ ভক্তৰ বাবে খোলা হৈছে। কেডাৰনাথ ধামৰ দ্বাৰ আজি পুৱা বৈদিক মন্ত্ৰোচ্চাৰণ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে মুকলি কৰা হয় আৰু ইয়াৰ লগে লগে চাৰিধাম যাত্রাও আৰম্ভ হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীও ভক্তসকলৰ মাজত উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভক্তসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচায়। কেডাৰনাথৰ উদ্বোধনী অনুষ্ঠানৰ পাছত যমুনোত্ৰীৰ দ্বাৰ পুৱা ১০ বাজি ২৯ মিনিটত মুকলি কৰা হয়। ইয়াৰ পাছত দুপৰীয়াৰ ভাগত গংগোত্ৰী ধামৰ দ্বাৰ ভক্তৰ বাবে খোলা হয়।