August 1, 2026 12:23 PM

printer

উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্রীৰ চাৰি দিনীয়া ভাৰত ভ্ৰমণ

উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ছৈদভ বাখতিয়ৰ অডিল’ভিছে কাইলৈৰ পৰা চাৰি দিনীয়া চৰকাৰী ভ্রমণসূচীৰে ভাৰতলৈ আহিব। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে এই বিষয়ে প্রকাশ কৰিছে। ভ্রমণকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্রপতি ভবনত শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰাৰ লগতে ভাৰতৰ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। তেওঁ দিল্লীত হ’বলগীয়া এখন বাণিজ্যিক বৈঠকতো অংশগ্ৰহণ কৰাৰ কথা আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পর্ক তৃৰান্বিত কৰাৰ উদ্দেশ্যে বিগত ২০ জুলাইত বিদেশ মন্ত্রী দুগৰাকীৰ মাজত টেলিফোনৰ জৰিয়তে আলোচনা হৈছিল। আলোচনাকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে কৌশলগত সহযোগিতাৰ ভিত্তিত সহযোগিতাৰ সকলো ক্ষেত্ৰতে ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা দ্বিপাক্ষিক সম্পর্ক ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে বুলি মত পোষণ কৰিছিল। সত্য আৰু নিকট সম্পৰ্কৰ আধাৰৰ উপৰি ভাৰত আৰু উজবেকিস্তানৰ বিদেশ মন্ত্রীদ্বয়ৰ মাজত হোৱা নিয়মীয়া আলোচনাৰ জৰিয়তে দুয়োখন দেশে এই সম্পর্ক বজাই ৰখাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল।