স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যত বিশেষকৈ উজনি অসমত প্ৰাদূৰ্ভাৱ ঘটা এনকেফেলাইটিছ ৰোগৰ বিষয়ে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সম্পর্কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, মাজুলি আৰু গোলাঘাট জিলালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জিলাসমূহত ভিতৰুৱা অঞ্চলসমূহতো মহৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ধোৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। ইয়াৰ লগতে বিশেষজ্ঞৰ দলটোৱে ৰোগৰ উৎস আৰু প্ৰসাৰৰ কাৰণ বিশ্লেষণ কৰিব বুলি তেওঁ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। ইতিমধ্যে ৪ খন জিলাৰ আয়ুক্তৰ সৈতে পোনপটীয়াকৈ কথা পাতিছে বুলি কলিয়াবৰত আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে।
Assamese | May 26, 2024 6:54 PM | Health Minister
উজনি অসমত প্ৰাদূৰ্ভাৱ হোৱা এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ প্ৰতিৰোধমূলক ব্যৱস্থা