জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা ৬ নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্রহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে।
ইপিনে, শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। কালি সুমিত ভূঞা নামৰ এজন লোকে ফাষ্টট্ৰেক আদালতত সাক্ষ্য প্রদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰো কালি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ আজি পুনৰ শুনানি গ্রহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে কালি সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কাইলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।